কেনিয়াৰ দৌৰবিদ এবেল মুটাইক মনত ৰাখিছে নে ? সেই যে ক্ৰীড়া ইতিহাসৰ অন্যতম উল্লেখযোগ্য মুহূৰ্তৰ সাক্ষী কেনিয়াৰ দৌৰবিদ এবেল মুটাই । যি লাইনৰ পৰা মাত্ৰ কেইফুটমান দূৰত আছিল যদিও দৌৰ সম্পূৰ্ণ কেনেকৈ কৰা যায় তাক লৈ বিভ্ৰান্তিত পৰিছিল।
তেওঁৰ ঠিক পিছফালে আছিল এজন স্পেনিছ খেলুৱৈ ইভান ফাৰ্নাণ্ডেজ । ফাৰ্নাণ্ডেজে ঠিকেই বুজিছিল মুটাইৰ বিভ্ৰান্তিৰ কথা। আৰু সেয়ে তেওঁ কেনিয়ান খেলুৱৈজনক দৌৰি থাকিবলৈ চিঞৰিছিল। কিন্তু মুটাইয়ে তেওঁৰ স্পেনিছ ভাষাটো বুজি নাপালে।
অৱশেষত ফাৰ্নাণ্ডেজে মুটাইক ফিনিচিং লাইনৰ ফালে আঙুলিয়াই দেখুৱালে আৰু তেওঁক জয়ৰ দিশে ঠেলি দিলে।
এজন সাংবাদিকে ইভানক সুধিলে, "আপুনি কিয় তেনেকুৱা কৰিলে?" ইভানে উত্তৰ দিলে, “মোৰ সপোন আছে এনে এখন সমাজৰ য’ত আমি ইজনে সিজনক জয়ী হ’বলৈ support কৰো।” সাংবাদিকজনে জোৰ দি ক’লে “কিন্তু আপুনি কেনিয়ান খেলুৱৈজনক কিয় জয়ী হ’বলৈ দিলে?” ইভানে উত্তৰ দিলে, “মই তেওঁক জয়ী হ’বলৈ দিয়া নাই, তেওঁ নিজেই জয়ী হ’বলৈ গৈ আছিল।” সাংবাদিকজনে আকৌ ক’লে, “কিন্তু আপুনিয়েই জয়ী হ’ব পাৰিলেহেঁতেন!”ইভানে তেওঁৰ ফালে চালে আৰু ক'লে, “কিন্তু এনে জয়েৰে মোৰ কি লাভ হ’ব? সেই পদকৰ সন্মানৰ কি মূল্য থাকিব? মোৰ মায়ে তেনে জয়ৰ বাবে আনন্দ পাবনে ?”
মূল্যবোধ আজিৰ সমাজত বিলুপ্তিৰ পথত। কিন্তু তাৰ বাবে এটা প্ৰজন্মক দোষ দি দায় সাৰিব নোৱাৰি। কাৰণ মূল্যবোধ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সম্প্ৰসাৰিত হয়। আজিৰ সমাজত আমাৰ ল’ৰা-ছোৱালীক, আনকি নিজকে আমি জয়ী হোৱাৰ ভুল উপায়বোৰ অনুসৰণ নকৰিবলৈ সোঁৱৰাই দিওনে ?
এবাৰ নিজকে চিকুটি চাওঁ আহক...
1 Comments
XNCXX MM to Inches Converter Calculator
ReplyDelete