চূণ আৰু ইয়াৰ উপকাৰিতা

সচৰাচৰ আমি তামোলৰ লগত বা পাণৰ লগত চূণ খাওঁ । এই চূণ খোৱা পৰম্পৰাটো কেতিয়া আৰম্ভ হৈছে তাক সঠিককৈ কব পৰা নাযায় ।
অকল অসমতে নহয় , ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে  পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ পাণৰ লগত চূণ খোৱা নিয়মটো বহুত আগৰ পৰাই চলি আছে । 

চূণৰ অদ্ভুত গুণৰ কথা ভাবিয়েই চাগে আমাৰ পূৰ্বপুৰুষ সকলে এনেকৈ চূণ খোৱাটো এটা নিয়মৰ নিচিনাকৈ আমাক বান্ধি দি গৈছে ।

এই চূণৰ প্ৰায় 70 বিধ ৰোগ ঠিক কৰিব পৰা গুণ আছে ।
তাৰে কেইটামান বহুত দৰকাৰী আৰু উপকাৰী ৰোগৰ কথা তলত লিখিলোঁ ।
চুনত প্ৰচুৰ পৰিমানে কেলচিয়াম আৰু ভিটামিন B থাকে ।
কেলচিয়ামৰ অভাৱত হব পৰা সকলো ৰোগ চূণ খালে ঠিক হৈ যায় ।

⚫গাত যিকোনো ঠাইত টেমুনা হলে চূণ খালে ঠিক হৈ যায় । এই টেমুনা কেলচিয়ামৰ অভাৱত হয় আৰু শেষত গৈ কেঞ্চাৰ হয় ।

⚫মহিলাসকলৰ স্তনত হোৱা টেমুনা বা গুটি চূণ খালে নাইকিয়া হৈ যায় ।

⚫হাত ভৰি দুৰ্বল হোৱা , খোজ থৰক বৰক কৰা আদিত চূণ খালে উপকাৰ পায় ।

⚫ভৰি ফুলি গৈ হাতীৰ নিচিনা হোৱা , যিটো ৰোগক হাতীৰ ভৰি হোৱা বুলিও কোৱা হয় , চূণ খালে ঠিক হয় ।

⚫শিশু সকলৰ হাত ভৰি বিষ হোৱা  আদিত চূণ খুৱাব পাৰে ।

⚫পেটত হোৱা পেলু ধ্বংস কৰাৰ বাবেও চূণ খুৱাব পাৰে ।

⚫অকস্মাত হোৱা বমি বন্ধ কৰাৰ বাবে চুনৰ পানী  খাব পাৰে ।

⚫কঁকালৰ বিষ , আঁঠুৰ বিষ , ৰাজহাড়ৰ বিষ আদি সকলোতে চূণ চূণ খালে বহুত উপকাৰী ।

⚫মহিলাসকলৰ বিয়াৰ পাছত গৰ্ভ নৰোৱা , মাহেকীয়াৰ সময়ত বহুত কমৰৰ বিষ হোৱা বা অত্যাধিক তেজ যোৱা , আনিয়মীয়া মাহেকীয়া , কেতিয়াবা 2-3 মাহৰ মূৰত এবাৰ হোৱা আদি সকলো ৰোগ চূণ খালে উপকাৰ পায় ।
পুৰুষসকলৰ ক্ষেত্ৰত নুপুংসতা , শুক্ৰাণুৰ পৰিমাণ কম হোৱা আদিৰ বাবে বহুত উপকাৰী চূণ ।

⚫বাঢ়ি অহা লৰা ছোৱালী বয়স অনুপাতে ওখ নোহোৱা আদিত  চূণ অত্যন্ত লাভদায়ক হয় ।

⚫যদি কাৰোবাৰ জণ্ডিছ হৈছে বা বাৰে বাৰে জণ্ডিছ হৈ থাকে , তেতিয়াও চূণ বহুত উপকাৰী আৰু তৎক্ষণাৎ জণ্ডিছ ঠিক হৈ যায় ।

⚫হেঁপাইটিছ B ৰ বাবেও চূণ বহুত উপকাৰী ।

🔴এতিয়া চূণ কেনেকৈ খাব লাগে জানি লওক 

🔳ডাঙৰৰ বাবে
দৈ , পানী বা দালিৰ লগত এটা চাউলৰ সমান চূণ ভালকৈ মিহলাই দুপৰীয়া নিয়মীত 2 মাহলৈ খাব পাৰে ।

🔳৩ বছৰৰ ওপৰৰ শিশুৰ বাবে 
এটা খুদকনৰ সমান দৈ , পানী নাইবা দালিত ভালকৈ মিহলাই দুপৰীয়া খাব দিব পাৰে ।

🔳যদি জণ্ডিছ হৈছে , তেন্তে 1 গ্লাছ কুঁহিয়াৰৰ ৰস লৈ তাত চাউল এটাৰ সমান চূণ লৈ দিনত 3 বাৰ খাওক ।

Note : Stone থাকিলে বা আগতে stone আছিল যদিও চূণ নাখাব ।

সংগৃহীত 

Post a Comment

0 Comments