ভেলেন্টাইন ডে'ৰ আৰৰ কাহিনী

১৪ ফেব্ৰুৱাৰী এইদিনটোৰ আৰঁত থকা আচল নায়কজন হল ৰোমৰ ছেন্ট ভেলেন্টাইন। পুৰণি কালত ৰোমত সকলো পৰিয়ালৰ সদস্য ই সেনাবাহিনীত যোগদান কৰাটো এটা নিয়ম আছিল,আনহাতে সেনাত যোগদিয়া লোকে বিয়া পতা নিষেধ আছিল।ছেন্ট ভেলেন্টাইন আছিল ৰোম সেনাৰ এজন লোক।পিছে তেওঁ আছিল দুর্দান্ত প্ৰেমিক,প্ৰতিদিনে তেওঁ নতুন নতুন প্ৰেমিকাৰ  সন্ধানত ঘূৰি ফুৰিছিল।সেই সময়ৰ ৰোমৰ ৰজা ক্লাউডিয়াছ আছিল প্ৰেম বিৰোধী।তেওঁৰ ধাৰণা আছিল সৈনিকসকলক  প্ৰেম,যৌন সর্ম্পক আদিৰ পৰা আতৰত ৰাখিব পাৰিলেহে ভালদৰে সবলভাবে দেশসেৱা কৰিব পাৰিব।কিন্তু ছেন্ট আছিল ইয়াৰ বিপৰীত তেওঁৰ মতে প্ৰেম আৰু যৌনতা মানুহৰ জন্মগত অধিকাৰ গতিকে ইয়াৰ ওপৰত হ স্তক্ষেপ কৰা কাৰো অধিকাৰ নাই।তেওঁ নিজে একাধিক নাৰীৰ লগত প্ৰেমৰ সর্ম্পক ৰাখিছিল আৰু গোপনে কেবাজনো সতীর্থ সেনাক বিয়া পাতি দিছিল।এই কথা গম পাই ৰজাই বিচাৰ কৰিবলৈ ছেন্ট ভেলেন্টাইনক মাতি পঠালে কিন্তু ছেন্টে নিজৰ মত সলনি নকৰো বুলি কোৱাত তেওক কাৰাগাৰত বন্দী কৰি ৰখা হল।তেওঁৰ প্ৰেমৰ প্ৰতি ইমান ধাউতি আছিল যে কাৰাগাৰত থাকিও প্ৰেমৰ সর্ম্পক অব্যাহত ৰাখিলে।অবশেষত ৰজাই ২৭০ খ্ৰীষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰীত তেওঁক মৃত্যুদণ্ড বিহে।
   
   ছেন্ট ভেলেন্টাইনে প্ৰেমক ৰক্ষা কৰাৰ বাবে নিজৰ জীৱন উর্চগা কৰিছিল বুলি এটা ধাৰণা তেতিয়াৰ দিনত ওলাই গল আৰু সেয়ে তেওঁৰ মৃত্যু তিথিৰ দিনা ১৪ ফেব্ৰুৱাৰীৰ দিনটো সমগ্ৰ বিশ্বতে প্ৰেমৰ দিৱস হিচাপে তেওঁৰ নামেৰে ভেলেন্টাই ডে' হিচাপে পালন কৰা হয়।

মোৰ ব্যক্তিগত মতামত বহু নাৰীৰ যৌনতাৰ ক্ষুধা নিবাৰণ কৰি ফুৰা এজন লোকৰ মৃত্যুৰ দিনটোক জানো প্ৰেমৰ দিৱস ৰূপে পালন কৰা উচিত ?
মোৰ মতে উচিত নহয় ,
উচিত হলহেতেন যদিহে তেওঁ এগৰাকী নাৰীৰ বাবেই নিজৰ জীৱন ত্যাগ কৰিব লগা হলহেতেন।

Post a Comment

0 Comments