RIP means | Assamese Quotes

RIP বিষয়তো আজিহে জানিছো, কিন্ত মই কোনোদিন লিখা নাছিলো, কাৰণ এজন মানুহৰ মৃত্যুত মাত্ৰ তিনিটা আখৰ লিখি তেওঁক বিদায় দিয়াতো মনে বিচৰা নাছিল,, যেতিয়াই এই তিনিটা আখৰ লিখি মানুহে সমবেদনা জনোৱা দেখোঁ তেতিয়া সেই ভুক্তভুগি পৰিয়ালতিলৈ বৰ দুখ লাগে,,, যেন সকলোৱে দায়িত্বহে সামৰিছে...!!!

জানেনে RIP মানে কি ? ইয়াৰ সংজ্ঞা কি ?
জানো আহক  ৷

প্রায়ে  আমি  দেখাপাওঁ  যেতিয়াই  কোনোবা এজনৰ  মৃত্যুৰ খবৰ আহে  তেতিয়া  অধিকাংশ লোকেই ফেচবুক, হোৱাটচএপ, টুইটাৰত  RIP লিখি  msg কৰে l আজকালি ইলেক্ট্ৰনিক  মাধ্যমত  লিখামেলা কৰা উচ্চশিক্ষিত লোকেও  প্রকৃত অর্থ, ভাবাৰ্থ  নজনাকৈয়ে নুবুজাকৈয়ে  RIP লিখে  l 

মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই ইলেক্ট্ৰনিক মাধ্যমত  RIP লেখিবৰ  বাবে যেন এক অঘোষিত  প্রতিযোগিতা  আৰম্ভ হৈ যায় l

কিন্তু কি এই RIP ?  
বৰ্তমান সময়ত  কোনো লোকৰ মৃত্যুত  মৃতাত্মাৰ  উদেশ্যি  RIP লিখাটো  যেন এটা ফেচন পৰিছে  l এইটো  এইকাৰনে হয়তো হৈছে যে সততে বিদেশী সকলক  নকল আৰু অনুকৰণ  কৰাৰ কাৰনে আমাৰ যুৱ প্ৰজন্মৰ  মাজত  ধর্মৰ ভ্রান্তিমূলক ধাৰনা সৃষ্টি হৈছে   বা  RIP ৰ অৰ্থ / ভাৱাৰ্থৰ  বিষয়ে তেওঁলোক  অবগত নহয় বাবে  মূল বাক্যটো সংক্ষিপ্ত হৈ এই ৰূপ পাইছে  l
'RIP' শব্দৰ অর্থ হল 'Rest in Peace' (শান্তিত জিৰণী  লোঁৱা/লওক ) l 
কিন্তু  এই শব্দকেইটা  তেওঁলোকৰ  ক্ষেত্ৰতহে প্রযোজ্য যাক  কবৰস্হ  কৰা হয় l কাৰন খ্রিষ্টিয়ান বা ইচলামৰ ধৰ্মীয় আৰু লোক বিশ্বাস মান্যতা অনুসৰি  যেতিয়াই পৃথিবীত  কোনো  'জাজমেন্ট ডে' অথবা 'শেষ বিচাৰৰ দিন' আহিব, সেইদিনা  কবৰস্হ কৰা  এই সমস্ত মৃতক  পুনৰুজ্জীবিত হৈ উঠিব  l 
সেই কাৰনে তেওঁলোকৰ  উদ্দেশ্যি  কোৱা হয়  Rest in Peace অথাৎ আহিবলগা  শেষ বিচাৰৰ দিনটোৰ  অপেক্ষাত "শান্তিত জিৰণী লোঁৱা/লওক" Rest in Peace .

কিন্তু হিন্দু ধর্মৰ মান্যতা অনুসৰি   শৰীৰ নশ্বৰ, আত্মা অমৰ, সেইবাবে  হিন্দুসকলৰ  মৃতদেহ দাহ-সংস্কাৰ কৰি পঞ্চভূতত বিলীন কৰি দিয়া হয় ৷ গতিকে  তেওঁলোকৰ ক্ষেত্ৰত  "Rest in Peace"-এই কথাষাৰ  প্ৰযোজ্য নহয়  l 
হিন্দু ধর্ম অনুযায়ী মানুহৰ মৃত্যু হলে আত্মাই মানবদেহ ত্যাগ কৰি ওলায় যায় আৰু অন্য কোনো নতুন জীৱৰ  নবজাতকৰ শৰীৰত প্রবেশ কৰে l (শিশু মাতৃগৰ্ভত ভ্রূণ অবস্থাত থকা সময়তে  আত্মাই তাত  প্রবেশ কৰে l)
সেই আত্মাৰ পৰবর্তী জীৱন যাত্রাত গতি প্রদান কৰাৰ উদেশ্যে সনাতন হিন্দুসকলৰ সমাজত   শ্রাদ্ধাদিকর্মৰ পৰম্পৰা চলি আহিছে আৰু তাৰবাবে  পিণ্ডদান, হৰিনাম কীৰ্তন, শান্তিপাঠ আদি ধৰ্মীয়  অনুস্হানৰ  আয়োজন কৰা  হয় l 

সেয়হে কোনো হিন্দু লোকৰ মৃতাত্মাৰ সদগতিৰ বাবে  'বিনম্র শ্রদ্ধাঞ্জলি', ওম্ শান্তি, শ্রদ্ধাঞ্জলি, আত্মাৰ সদগতিপ্রাপ্ত হওক,ওঁ দিব্যান্ লোকান্ স গচ্ছতু*  - এইধৰনৰ  বাক্যহে লিখা উচিত l 
আৰু কোনো মুচলিম অথবা খ্রিষ্টিয়ান বন্ধু বান্ধবীৰ  পৰিয়ালৰ কোনোবা  মৃত্যু হলে তেওঁলোকৰ  বাবে 'RIP'  লিখিব  পৰা যায় l

এইটোও  হয় যে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰোতে  আমি চর্টকাট (?) কৰাৰ  অভ্যাস বশতঃ আমাৰ মাজতো সৰহসংখ্যক  লোকেই  হিন্দু ব্যক্তিৰ মৃত্যুতো 'RIP' লিখে ৷  এইটো  নিতান্তই   অজ্ঞানতা আৰু অবিমৃষ্যকাৰিতা, ইয়াৰ বাহিৰে  একো নহয়l

সেইকাৰনে আপোনালোক সকলোৱে চেষ্টা কৰক যাতে - ভবিষ্যতে এই ভুল আৰু নহয়৷ 

সকলোৰে  কাষত এই নিবেদন জনালো আৰু আশা  কৰিলো যে পৰৱৰ্তী সময়ত RIP লিখাৰ আগত  এবাৰ  দকৈ চিন্তা কৰিব ....🙏🙏 🙏

ওঁ তৎ সৎ
মৃত্যু সংবাদ শুনিলে সনাতন ধর্ম মতে কি কব লাগে  জানেনে ?

" ওঁ দিব্যান্ লোকান্ স গচ্ছতু ৷' 

☞অর্থ- তেওঁ  দিব্যলোকলৈ  গমন কৰক।'

☞আহক  বেদৰ  সেই মন্ত্রটি সম্পূৰ্নকৈ পঢ়ি চাওঁ ৷

*“ওঁ কৃত্বা তু দুষ্কৃতং কর্মং জানতা বাপ্য জানতা ।*
*মৃত্যুকাল বশং প্রাপ্য নৰং পঞ্চত্বমাগতম্*
*ধর্মাধর্ম সমাযুক্তং লোভ মোহ সমাবৃতম্*
*দহেয়ং সর্বগাত্রানি দিব্যান্ লোকান্ স গচ্ছতু”*

অনুবাদঃ তেওঁ (যাৰ মৃত্যু হৈছে)  পৃথিবীত থাকোতে জ্ঞানে  বা অজ্ঞানে  অনেক দুষ্কর্ম হয়তো কৰিছিল ৷ মৃত্যুকাল প্ৰাপ্ত হৈ তেও মৃত্যুবৰণ কৰিলে। তেওঁৰ  দেহ ধর্ম, অধর্ম, লোভ, মোহ,কাম, ক্ৰোধ প্রভৃতিৰ দ্বাৰা  আচ্ছাদিত  হৈ আছিল। হে অগ্নিদেব, আপুনি তেওঁৰ  সম্পূৰ্ণ দেহ দগ্ধ কৰি দিব্যলোকলৈ লৈ যাওক। ( ক্রিয়াকাণ্ড বাৰিধি)

*ওঁ শান্তিঃ শান্তিঃ শান্তিঃ*

( What's up ৰ পৰা সংগ্ৰহীত)

Post a Comment

0 Comments