Assamese Motivational Quotes

১) জীৱনত পইছা পাম বুলি নহয়, মানুহক সহায় কৰিম বুলি কাম কৰক। তাৰ পিছৰ ফলাফলটো দেখি এদিন আপুনি নিজেই অবাক হ'ব। 

২) প্ৰচাৰৰ পিছত দৌৰি থাকিলে আপুনি শান্তিৰে জীয়াই থাকিবলৈ নাপাব। তাৰ সলনি প্ৰতিযোগিতাৰ উৰ্দ্ধত গৈ নিজৰ এক স্থান গঢ় দিবলৈ চেষ্টা কৰক। এটা নিৰ্দিষ্ট লেভেল অতিক্ৰম কৰাৰ পিছত প্ৰতিযোগিতাই আপোনাক কেতিয়াও ঢুকি নাপাইগৈ। 

৩) ইংৰাজী এটা ভাষা হয়, দক্ষতাৰ প্ৰতীক নহয়। কেৱল এটা ভাষা শুদ্ধকৈ ক'ব নোৱাৰিলেই আপুনি প্ৰতিভাহীন বুলি প্ৰমাণ নহয়। গতিকে ইয়াক কেতিয়াও নিজৰ দুৰ্বলতা নবনাব। 

৪) জীৱনত তিনি গুৰুক সদায় সেৱা জনাই আগবাঢ়িব লাগে। তেওঁলোক হৈছে দীক্ষা গুৰু, শিক্ষা গুৰু আৰু পিতৃ গুৰু।

৫) দহজন বেয়া মানুহৰ সংগত থকাতকৈ এজন ভাল মানুহৰ লগত থকায়ে শ্ৰেয়। আপোনাৰ ভিতৰত এক চেতনাৰ জাগৰণ কৰিবলৈ কেৱল এজন ভাল ব্যক্তিৰ সান্নিধ্যয়ে যথেষ্ট। ভাল মানুহৰ সংগত নহালৈকে আপোনাৰ প্ৰতিভাৰ সম্পূৰ্ণ ব্যৱহাৰ নহয়। 

৬) আপুনি যিমানেই গ্ৰন্থ পঢ়ক কিন্তু জ্ঞানৰ উচিত প্ৰয়োগ কৰিব নোৱাৰিলে সকলো অৰ্থহীন হৈ পৰিব আপোনাৰ জীৱনত। জ্ঞান বৃদ্ধি কৰা আৰু জ্ঞানৰ ব্যৱহাৰ কৰা দুয়োটা বেলেগ বস্তু।

৭) কাৰোবাক নিজৰ কৰিম বুলি নহয়, যিজন মোৰ লগত শেষলৈকে থাকিব তেওঁকহে নিজৰ কৰিম বুলি আগবাঢ়িব লাগে। কাৰোবাৰ সান্নিধ্য লাভ কৰা আৰু কাৰোবাৰ হৃদয় লাভ কৰা দুয়োটোৰ মাজত গভীৰ পাৰ্থক্য আছে। সান্নিধ্য প্ৰতিশ্ৰুতি নহয় আৰু প্ৰকৃত প্ৰেম কেতিয়াও এক আধৰুৱা যাত্ৰা নহয়। 

৮) জীৱনত সফল হ'বলৈ মূলকৈ আপোনাক এটা পৰিয়াল (বাস্তৱত অকলে জীয়াই থকাটো বিৰাট কঠিন), ভাল বন্ধুৰ নেটৱৰ্ক (কৰ্মজীৱনৰ ৰূপ সলনি কৰি দিব পাৰে মূলকৈ ব্যৱসায়ত) আৰু অলপমান নিশ্চিন্ত মনে কাম কৰিব পৰা এটি মুকলি পৰিৱেশৰ প্ৰয়োজন হয়। (ঘৰুৱা জেমেলা যেনে সঘনাই হাই-কাজিয়া, ঘৰত ৰুগীয়া সদস্য, অতিকৈ আৰ্থিক অভাৱ আদিবোৰ নাথাকিলে যথেষ্ট সুবিধা হয়)। ডিগ্ৰীয়ে আন্তঃগাঁথনি প্ৰদান কৰে কিন্তু আচল খেলখনৰ সকলো নিৰ্ভৰ কৰে এটা শব্দৰ ওপৰত আৰু সেইটো হৈছে "পৰিৱেশ"। যদি অনুকুল নহয় তেন্তে যিমান পাৰি নিজেই গঢ়ি ল'বলৈ চেষ্টা কৰক। 

৯) পইছা কেৱল এটা একাউণ্টত নথ'ব। সাচিবলৈ এটা আৰু পইছা সোমাবলৈ লগতে তাৰ এটা অংশ বিনিয়োগ কৰিবলৈ টকা জমা কৰা আন এটা একাউণ্ট প্ৰস্তুত ৰাখিলে ভাল। অৱশ্যে এইটো মোৰ ব্যক্তিগত সিদ্ধান্ত।

১০) জীৱনৰ আন এটা নাম হ'ল পৰিৱৰ্তন। সেইয়া লাগিলে ভাল অথবা বেয়াই হওঁক কিন্তু এই পৰিৱৰ্তনক আদৰি নোলোৱাকৈ জীৱনত আগবাঢ়ি যাব নোৱাৰি। আপোনাৰ জীৱনত বৰ্তমান ভাল অথবা বেয়া যিয়ে চলি থাকক কিন্তু সফল হ'বলৈ নিয়ম এটাই : 

Keep moving until your dreams are no longer dreams for you .. 

কাৰোবাৰ সফলতা সোনকালে আহিব পাৰে
কোনোবায়ে আপ্ৰাণ চেষ্টা চলাই থকাৰ পিছতো
তেখেতৰ সফলতা অহাত পলম হ'ব পাৰে
কিন্তু যিজন ব্যক্তিয়ে পৰিস্থিতি অনুকুল নহলেও
বুকুত হাত থৈ মই সফল হ'ময়ে বুলি ক'ব পাৰে
তেওঁক এদিন সকলোৱে চেল্যুট মাৰে .. 


Post a Comment

0 Comments