অসমীয়া কৌতুক | Assamese Jokes

ভাৰতৰ এজন লোকে চাকৰি ৰিজাইন দি আমেৰিকাৰ এখন ডিপাৰ্টমেন্টেল ষ্ট'ৰত জইন কৰিলেগৈ! 

সন্ধিয়া মালিকে আহি লোকজনক সুধিলে, আজি আপুনি কিমান চেল কৰিলে? 

লোকঃ এটা চেল! 

মালিকঃ ইয়াত কাম কৰা প্ৰত্যেকজন লোকে এদিনত ২০-২৫ টা চেল কৰে! আপুনি মাত্ৰ এটা চেল কৰিছে! বাৰু আপুনি কিমান টকাৰ চেল কৰিলে?

লোকঃ ১০০ ডলাৰ। 

মালিকঃ কি?? আপুনি কেনেকৈ কৰিলে এনেকৈ?

লোকঃ তেওঁ এটা হুইল বৰশী কিনিব লৈছিল! মইয়ে কলো নদীৰ পাৰত যদি ভঙা চিচা টুকুৰা পৰি থাকে তেতিয়া কি হব? সেয়ে এযোৰ ভাল জোতা লৈ লওক! তেওঁ যোতাযোৰ লৈ ললে! মই কলো যদি বৰষুণ দিয়ে আপুনিটো তিতি যাব! সেয়ে টেন্ট এটাও লৈ লওক! তেওঁ সেইটোও লৈ ললে! তাত আপুনি থিয় হৈ ভাগৰ লাগিব! সেয়ে এখন পৰ্টেবল চেয়াৰো লৈ লওক! তেওঁ সেইখনো লৈ ললে! 
লগতে তেওঁক তাত খাবলৈ পানী বটল, চিপচ, বীয়েৰ বটল আদি বহুত বস্তু বিক্ৰি কৰি দিলো! 

মালিকঃ আচৰিত! এটা বৰশী কিনিব বিচাৰোতে আপুনি তেওঁক ইমান বস্তু বিক্ৰি কৰি দিলে।

লোকঃ No Sir, তেওঁ অকল মাথাৰ বিষ কমাবলৈ টেবলেট নিব আহিছিল! মইয়ে তেওঁক বহুত বুজালো যে মাছ ধৰিব গলে মাথা বিষ দূৰ হৈ যায় বুলি! 

মালিকঃ ইয়াৰ আগতে আপুনি ক'ত কাম কৰিছিল? 

লোকঃ ইয়াৰ আগত মই এখন প্ৰাইভেট হস্পিটালৰ ডাক্তৰ আছিলো! আমাৰ তাত কোনোবাই সাধাৰণ বেমাৰ এটা লৈ আহিলেই আমি তেওঁক Pathology, Echo, ECG, CT Scan, X-ray, MRI আদি টেষ্ট কৰাই দিও! 

মালিকঃ আপুনি মোৰ চকীত বহক! মই ভাৰতত প্ৰশিক্ষণৰ বাবে প্ৰাইভেট হস্পিটেলত জইন কৰিবলৈ গৈ আছো!

Post a Comment

0 Comments