ফটোখন অসমীয়াৰ জীয়া ইতিহাস । ইয়াৰ আগতে এইখন ৰাজহুৱা হোৱা নাছিল। ১৯৮০চনৰ ১৯এপ্ৰিলত প্ৰায় তিনিলাখ মানুহে চৰকাৰে জাৰি কৰা সান্ধ্য আইন ভংগ কৰি অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছিল। গুৱাহাটীৰ চান্দমাৰী আৰু গুৱাহাটী শোধনাগাৰৰ মাজত এনেদৰে সমবেত হৈছিল জনতা। ফটোগ্ৰাফাৰজনে নিজৰ ব্যক্তিগত এলবামত সযতনে ৰাখি থৈছিল এইখন। তেতিয়া ফটোগ্ৰাফাৰো নাছিল তেনেকৈ। অসম আন্দোলনত সক্ৰিয়ভাবে অংশ লৈ নিজৰ কেমেৰাটোৰে গুৱাহাটীৰ বিভিন্ন স্থানৰ আন্দোলনৰ কিছুমান বিৰল মূহুৰ্ত ধৰি ৰখা মানুহজন আমাৰ সকলোৰে পৰিচিত। এসময়ৰ আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ জনপ্ৰিয় অধ্যাপক তথা অনুবাদক সুৰজিৎ বৰুৱাই এতিয়া দুখ আৰু ক্ষোভত অসম আন্দোলনৰ নিজে তোলা ফটোবোৰ নষ্ট কৰি পেলাবলৈ আৰম্ভ কৰিছে। আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী শ্ৰীযুত বৰুৱাদেৱৰ দুখ, এটা মিছা আন্দোলন আৰু কিছুমান নেতাৰ ফাকিত অসম অবৈধ বিদেশী নাগৰিকৰ ডাষ্টবিনলৈ ৰূপান্তৰ হ'ল।
কথাটো জানি ঐতিহাসিক মূহুৰ্তৰ ফটোবোৰ যাতে নিজৰ এলবামত হ'লেও ৰাখি থ'বলৈ অনুৰোধ কৰাত এইখন মোলৈকে পঠিয়াই দিলে। অবৈধ বিদেশীক লৈ ৰাজনীতি আৰু অসমীয়া মানুহৰ দুখ ক'ত সেয়া অধ্যাপক বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতিলে অনুভৱ কৰোঁ। আন্দোলনটোৱে আজিলৈকে কেৱল নেতাৰেই জন্ম দিলে। সমস্যাৰ সমাধান নহ'ল! কাৰ্ফিউ ব্ৰেক কৰা মানুহৰ মাজত বহুজন দুখে, অপমানে জীয়াই আছে, বহুজন ইতিমধ্যে চিৰদিনৰ বাবে আতৰি গ'ল।
0 Comments