পিতৃৰ মৃত্যুৰ পিছতো ঘৰলৈ যাব নোৱাৰিলে HAT-TRICK গাৰ্ল বন্দনাই

১২৫ বছৰীয়া হকীৰ ইতিহাসত হেট-ট্ৰিক অৰ্জন কৰা বন্দনা কাটাৰিয়াই হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা আৰু ১৯৮৪ৰ অলিম্পিকৰ পিছত হেট-ট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈ । ১৯৮৪ চনৰ অলিম্পিকত পুৰুষ হকীত ভাৰতৰ বিনীত শৰ্মাই হেট-ট্ৰিক অৰ্জন কৰিছিল আৰু তাৰ পিছত সুদীৰ্ঘ ৩৭ বছৰৰ অন্তত কোনো ভাৰতীয়ই অলিম্পিকত এইবাৰ হেট-ট্ৰিক অৰ্জন কৰে । যোৱা ৩১ জুলাইত মহিলা হকীত বন্দনা কাটাৰিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হেট-ট্ৰিক কৰি অভিলেখ সৃষ্টি কৰে । উত্তৰাখণ্ডৰ কন্যা ২৯ বছৰীয়া বন্দনাই এইবাৰ দ্বিতীয়বাৰৰ বাবে অলিম্পিকত অংশ লৈছে । এইবাৰ পেনডেমিকৰ মাজতে মহিলা হকী দলটোৱে অনুশীলন অব্যাহত ৰাখিছিল অলিম্পিকৰ বাবে । অলিম্পিকৰ শেহতীয়া প্ৰস্তুতি চলি থকাৰ সময়তে ভাৰতীয় শিৱিৰলৈ আহিল বন্দনাৰ পিতৃৰ মৃত্যুৰ খবৰ । কিন্তু দেশৰ বাবে অলিম্পিকৰ প্ৰস্তুতি চলি থকা হেতুকে পিতৃৰ মৃত্যুৰ পিছতো ঘৰলৈ নগ'ল বন্দনা । সেইগৰাকী বন্দনাই এইবাৰ অলিম্পিকত অৰ্জন কৰিলে হেট্-ট্ৰিক ।

Post a Comment

0 Comments