♦️ আমি যদি নিজে আমাৰ জীৱনটো মূল্যহীন কৰি নোতোলো তেন্তে কোনো মানুহৰে জীৱন মূল্যহীন হ'ব নোৱাৰে ।
♦️ জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ, কেতিয়াবা ভয়ংকৰ । কিন্তু তাক সত্য ৰূপত দেখিবলৈ হ'লে আৰু দৃষ্টি হ'ব লাগিব প্ৰখৰ আৰু নিৰ্মল ।
♦️ নিজৰ উৎকৰ্ষ সাধনৰ ক্ষমতা আমাৰ নিজৰ হাততেই থাকে । অবিৰাম চেষ্টাৰ দ্বাৰা আমি নিজকে প্ৰতিমূহুৰ্ততে আগলৈ ভাল কৰিব পাৰোঁ আৰু আনকো ভাল কৰিব পাৰোঁ । কিন্তু তাকে কৰিবলৈ হ'লে যিটো বস্তুৰ আটাইতকৈ দৰকাৰ সেইটো হ'ল ধৈৰ্য্য ।
♦️ কিবা এটা শব্দ কাণৰ কাষত ডাঙৰকৈ বাজিল বুলিয়েই কেতিয়াও ধৰি ল'ব নালাগে যে পৃথিৱীত সেইটোৰ বাহিৰে দ্বিতীয় কোনো শব্দ নাই ।
♦️ নিৰাশা মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু । সেইকাৰণে বৰ্তমান যুগৰ মানুহক এই কথা সততে মনত পেলাই থকাৰ প্ৰয়োজন আছে যে ভৱিষ্যত সম্পৰ্কে মানুহ নিৰাশ হোৱাৰ কোনো কাৰণ নাই । কাৰণ বেছিভাগ ক্ষেত্ৰতেই অতীতকৈ বৰ্তমান বেছি ভাল; গতিকে ভৱিষ্যতটো বৰ্তমানতকৈ ভাল হ'বলৈ বাধ্য ।
♦️ মানুহ যদি প্ৰকৃত অৰ্থত মানুহ হ'বলৈ হয় তেন্তে তেওঁ কাম কৰিবয়েই লাগিব । একমাত্ৰ কামেহে মানুহৰ জীৱনত অৰ্থ আৰোপ কৰে । নিষ্কৰ্মাৰ জীৱন সম্পূৰ্ণৰূপে অৰ্থহীন ।
♦️ কেৱল যে ডাঙৰ শিল্পী, সংগীতজ্ঞ, লেখক আৰু ক্ৰীড়াবীদ হ'বলৈ অভ্যাসৰ প্ৰয়োজন হয় এনে নহয়; স্বাস্থ্যৱান, চৰিত্ৰবান আৰু শিষ্টাচাৰী হ'বলৈকো অভ্যাসৰ প্ৰয়োজন হয় ।
♦️ অফুৰন্ত প্ৰানশক্তিৰ অধিকাৰী আৰু নিত্য-নতুন কামৰ আঁচনিত ব্যস্ত হৈ থকা এজন ৮০ বছৰীয়া মানুহে নিজৰ বাৰ্ধক্য কেতিয়াও অনুভৱ নকৰিব পাৰে । আনহাতে, এজন কৰ্ম-বিমুখ, নিৰাশাবাদী আৰু আলশ্য-পৰায়ণ মানুহে ৪০ বছৰ বয়সতে নিজকে বুঢ়া বুলি অনুভৱ কৰিব পাৰে ।
0 Comments