২. চৰকাৰী স্কুলৰ নৱম আৰু দশম শ্ৰেনীৰ শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব স্মাৰ্ট ফোন ৷
৩. ১০০০ টা উপ-স্বাস্থ্য কেন্দ্ৰক হস্পিতাললৈ ৰূপান্তৰ ৷
৪. তামুলপুৰক নতুন জিলা হিচাপে স্বীকৃতি ৷
৫. গোলাঘাট,ধেমাজি,মৰিগাওঁ, বঙাইগাওঁ, তামুলপুৰত ৫ খন নতুন চিকিৎসা মহাবিদ্যালয় ৷
৬. কাৰ্বিআংলংত ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন ৷
৭. ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা ৷
৮. শিৱসাগৰ ঐতিহ্যৰ সংৰক্ষনৰ বাবে বহুকেইটা বিশেষ পদক্ষেপ ঘোষণা ৷
৯. বঙাইগাওঁ,বিহালী আৰু শুৱালকুছিত নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় ৷
১০. হাজো,মাজুলী,টিংখঙত নতুন পলিটেকনিক স্থাপনৰ প্ৰস্তাৱ৷
১১. প্ৰৱৰ্তন কৰা হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডৰ কথা ঘোষণা।
১২ ক্ষুদ্ৰ ব্যৱসায়ীলৈ ১০ হেজাৰ টকাৰ এককালীন সাহায্য ৷
১৪. ভিতৰুৱা অঞ্চলত থকা বিদ্যালয়সমূহৰ শিক্ষকৰ বাবে নিৰ্মাণ কৰা হব কোৱাৰ্টাৰ।
১৫. চৰকাৰে মহিলা হেল্পলাইন ১৮১ আৰম্ভ কৰাৰ কথা বিবেচনা কৰাৰ কথা উল্লেখ বিত্তমন্ত্ৰীৰ। যিকোনো বিপদ বা অসুবিধাৰ সময়ত এই নম্বৰত ফোন কৰিলে মহিলাসকলে পাব সহায়।
১৬. চাহ বনুৱাৰ দৈনিক মজুৰি ৩৮টকাকৈ বৃদ্ধি।
১৭. এক লাখ নিবনুৱাক সংস্থাপন, ৪টা নতুন আৰক্ষী বেটলিয়ন গঠন, ৪টা ফৰেনচিক গৱেষণালয় স্থাপনৰ সিদ্ধান্ত।
১৮. চাহ শ্ৰমিকে অৱসৰ ভাট্টা ৫০হাজাৰকৈ পাব।
১৯. ৩৭লাখ ৭৩হাজাৰ ৬৪৫গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হব বিনামূলীয়া ইউনিফৰ্ম।
২০. চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ২১ গৰাকী স্নাতক মহলৰ ছাত্ৰ-ছাত্ৰীক মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু বৃটেইনৰ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত ইণ্টাৰ্ণশ্বিপৰ সুযোগ ৷
0 Comments