পাঁচশ বছৰ আগত ইটালীৰ এগৰাকী পণ্ডিত Leonardo Da Vinci য়ে এখন এনেকুৱা ছবি আকিছিল যিখন আজিও ৰহস্যৰ অৱৰ্তত। বিশ্বৰ এনে এজন মানুহ নাই যিয়ে সম্পূৰ্ণৰূপে মোনা লিজাৰ সকলো ৰহস্য উলিয়াব পাৰিছে। মোনা লিজা খুব ধুনীয়া। মোনা লিজাত কাৰ ছবি অংকন কৰিছিল তাক লৈও ৰহস্যৰ সীমা নাই। কোনোৱে কয় যে এগৰাকী ব্যবসায়ীয়ে Da Vinci ক দ্বিতীয় সন্তানৰ আগমনৰ সময়ত নিজৰ পত্নী লিজাৰ ছবি আঁকিবলৈ অনুৰোধ কৰিছিল। তাৰেই ফলাফল মোনা লিজা। আনহাতে একাংশই মোনাক চিত্ৰকাৰৰ মাক অথবা জীয়েক বুলি কব খোজে। কাৰন Mona Lisa ৰ অৰ্থ হল My Lady. অৰ্থাৎ মোৰ ৰমণী। আন একাংশ লোকে কয় যে চিত্ৰকৰে নিজকেই নাৰী ৰূপত চিত্ৰখনত অংকন কৰিছিল। Da Vinci য়ে চিত্ৰখন প্ৰায় ১৬ বছৰ ধৰি আকিছিল। মোনা লিজাৰ ওঠটো আঁকোতে তেওঁৰ বাৰ বছৰ লাগিছিল। ছবিখন এখনৰ ওপৰত এখনকৈ তিনিবাৰ আকিছিল। কিন্তু Final touch দিয়াৰ আগতে তেখেতৰ মৃত্যু হয়।
২৩ জুন ১৮৫২ এজন শিল্পীয়ে পেৰিছৰ এখন হোটেলৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল। তেও মোনা লিজাৰ প্ৰেমৰ বাবে আত্মহত্যা কৰিছিল। মোনা লিজাৰ হাহি আৰু সৌন্দৰ্য্যই তেওঁক পাগল কৰি পেলাইছিল। চুচাইদ নোটত তেও মোনাৰ প্ৰতি তেওঁৰ প্ৰেমৰ কথা কৈছিল। তেও কৈছিল যে মোনাৰ মৰম পাবলৈ তেও বহু বছৰ অপেক্ষা কৰিছিল।
মোনা লিজাৰ হাহিটো আটাইতকৈ বেছি ৰহস্যময়ী। প্ৰথমতে মোনালৈ চালে হাহি থকা যেন দেখি, অলপ পিছত হাহিটো গোমা হৈ পৰে আৰু শেষত হেৰাই যায়। ৰিচাৰ্চে কয় যে মোনা লিজা মানুহগৰাকীয়ে নিজৰ মাজত বহুত ৰহস্য লুকাই ৰাখিছে বাবে এনেকুৱা হয়। আনহাতে কিছুমানৰ মতে মোনাৰ হাহি সলনি নহয় আমাৰহে Mindset সলনি হৈ থাকে। Da Vinci এ Secret code নিজৰ ছবিবোৰত লুকাই ৰাখিছিল। মোনা লিজাৰ ছবিটো কিবা লুকাই ৰাখিছে কিন্তু তাৰ ভালদৰে ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই।
ফটোখন চুৰি কৰা হৈছিল, শিল মাৰি আঘাত কৰা হৈছিল, তথাপিও সেইখনক কোনেও অনিষ্ট সাধন কৰিব পৰা নাছিল। আৰু আজিও সেইখন পেৰিছৰ মিউজিয়ামত সংৰক্ষিত হৈ আছে। আনুবীক্ষণ যন্ত্ৰৰে চালে মোনাৰ এটা চকুত LV লিখা দেখা পোৱা যায় , হয়তো Leonardo Da Vinci হ'ব পাৰে। আনটো চকুত C/B দেখা পোৱা যায় যাৰ অৰ্থ আজিলৈ উলিয়াব পৰা নাই। ফটোখনৰ এক ডাঙৰ ৰহস্য হ'ল যদি ফটোখন Left - Right সমানে লগ লগাই দিয়া যায় , সংযোগস্থলিত এটা এলিয়েনৰ আকৃতি আবিৰ্ভাৱ ঘটে। তাতকৈ ডাঙৰ ৰহস্য হয় সেইখিনি ঠাইতে চিত্ৰকৰে লিখিছে - The Answer Is Here.
অৰ্থাৎ উত্তৰ ইয়াত আছে। এনেকুৱাও হ'ব পাৰে যে সেই সময়ত , যি সময়ত প্ৰযুক্তিবিদ্যা উন্নত নাছিল, মোনাৰ দৰে সুন্দৰ পেইন্টিং বনাবৰ বাবে চিত্ৰকাৰে এলিয়েনৰ সহায় লৈছিল। Da Vinci বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেওৰ বহুকেইখন ডাঙৰ ভলিউমৰ কিতাপ আছে। য'ত তেওঁৰ প্ৰায় প্ৰতিখন পেইন্টিং ৰ বৰ্ণনা কৰা আছে, কিন্তু কতো মোনাৰ কথা উল্লেখ কৰা নাই।
মোনাৰ বাবে যে এজনে আত্মহত্যা কৰিছে তেনে নহয়। ইটালীৰ এজন যুৱকে মোনাৰ বিৰহত ড্ৰাগ এদিক্টেত হৈ পৰিছিল। এগৰাকী মানুহে নিজৰ পত্নীক ডিভোৰ্চ দিছিল , আন এগৰাকীয়ে মোনাৰ প্ৰেমত পৰি নিজৰ প্ৰেমিকাক হত্যাৰ চেষ্টা কৰিছিল। এগৰাকী চাইকাক্টৰে কব খোজে যে হাজাৰ হাজাৰ পুৰুষক পাগল কৰাৰ বাবে মোনা লিজাৰ সৌন্দৰ্য্য যঠেষ্ট।
( আমি অসমীয়াত মনালিছা বুলি লিখো যদিও প্ৰকৃত উচ্চাৰণ মোনা লিজা )
0 Comments