⭕ এজন মানুহ কেতিয়া কাৰ প্ৰেমত পৰে কোনো ঠিক নাই আৰু স্বাভাৱিক ভাৱে তেওঁ চেহেৰা, বাহ্যিক সৌন্দৰ্য্য ইত্যাদি চাই প্ৰেমত পৰে । কিন্তু এনেকুৱা কিছুমান মানুহ আছে, যিসকলে চেহেৰা অথবা শাৰীৰিক সৌন্দৰ্য নহয়, মাথোঁ ব্যক্তিত্ব অথবা বুদ্ধিমত্তা চাই প্ৰেমত পৰি যায় । বিজ্ঞানৰ ভাষাত তেওঁলোকক কোৱা হয় ছেপিওচেক্সুৱেল ।
⭕ ছেপিওচেক্সুৱেল সকলৰ প্ৰেম আৰু যৌনতাৰ অনুভূতি আৱৰ্তিত হয় মস্তিষ্কৰ প্ৰতি । শাৰীৰিক সৌন্দৰ্য বা সামাজিক অৱস্থানতকৈ তেওঁলোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে আপোন মানুহজনৰ বুদ্ধিমত্তা । আপোন মানুহজনৰ গভীৰ চিন্তাশক্তি, কৌতুহলী মনোভাৱ, প্ৰচলিত ব্যৱস্থাক প্ৰশ্ন কৰাৰ মানসিকতাই তেওঁলোকক প্ৰচণ্ড আকৃষ্ট কৰে । মনস্তাত্ত্বিক, ৰাজনৈতিক, দাৰ্শনিক আলোচনাৰ পৰা তেওঁৰ চাহিদা পূৰণ কৰে, আৰু ভাৱে যে কাৰোবাৰ যৌন আকৰ্ষণ শৰীৰত নহয়, বিপৰীতে তেওঁৰ মেধাৰ মাজত লুকাই থাকে । আপুনিও কি এনেকুৱা ?
⭕ ছেপিওচেক্সুৱেল লোকসকল হঠাৎ কাৰো প্ৰেমত নপৰে । যিহেতু শাৰীৰিক সৌন্দৰ্যৰ প্ৰতি সিহঁতৰ আকৰ্ষণ নাই, সেয়ে প্ৰেমত পঢ়িবলৈ সিহঁতৰ সময় লাগে । ফলত বেছিভাগ ক্ষেত্ৰতে সিহঁতৰ মাজত প্ৰেমৰ আগত বন্ধুত্ব হৈ পৰে । সময়ৰ লগে লগে মানসিক আৰু বৌদ্ধিক সংযোগ হ'লে সিহঁতৰ মাজত গভীৰ প্ৰেম হয় ।
⭕ মেধা বা বুদ্ধিৰ আকৰ্ষণ আটাইতকৈ বেছি হ'লেও শাৰীৰিক আকৰ্ষণ যে নাই, তেনে কথা নহয় । কিন্তু তেওঁলোকৰ কাৰণে শাৰীৰিক আকৰ্ষণ একেবাৰে সাময়িক । দীৰ্ঘকালীন সম্পৰ্কৰ বাবে কেতিয়াও চেহেৰাটো তেওঁলোকৰ কাৰণে ডাঙৰ কাৰক নহয় ।
⭕ ছেপিওচেক্সুৱেল সকলে কাৰোবাক পছন্দ কৰা মানে সেই পছন্দৰ পৰিৱৰ্তন নহয় । কাৰণ তেওঁলোকে যিকোনো মানুহক পছন্দ কৰিবলৈ সময় লয় । অপৰপক্ষৰ মানুহজনৰ লগত বৌদ্ধিক সংযোগ স্থাপন হ'লেহে ভালপোৱা হয় । ফলত যেতিয়া কাৰোবাক ভাললাগে, তেওঁলোক বহুত ছিৰিয়াছ হোৱা দেখা যায় ।
⭕ ছেপিওচেক্সুৱেল সকলৰ সকলো সম্পৰ্ক আৰম্ভ হয় বন্ধুত্বৰে, য'ত প্ৰেম নাথাকে । সেয়ে যেতিয়া আপোনাৰ মনত প্লেটনিক স্তৰ পাৰ হৈ প্ৰেমৰ সূত্ৰপাত হয়, তেতিয়া আপোনাৰ বন্ধুজনেও সেই একেই বিষয়ে ভাৱিছে নে নাই এই লৈ সন্দেহ থাকি যায় । বন্ধুত্ব ভাগি যোৱাৰ ভয়ত বহুতো প্ৰেম অপ্ৰকাশিত হৈ থাকি যায় ।
⭕ যিসকলে অতিৰিক্ত চিঞৰে, খং কৰে তেওঁলোকক ছেপিওচেক্সুৱেল লোকে বেয়া পায় । যিসকলে নিজৰ অনুভূতিবোৰক যুক্তি সহকাৰে ব্যাখ্যা কৰিব পাৰে, হঠাৎ যিসকলৰ খং নুঠে, যিসকলে জটিল পৰিস্থিতিক শান্তভাবে সমাধান কৰাৰ চেষ্টা কৰে, তেওঁলোকক পছন্দ কৰে ছেপিওচেক্সুৱেল লোকসকলে ।
⭕ আপুনিও কি ছেপিওচেক্সুৱেল ? বৰ বেছি লোকৰ লগত আপোনাৰ ঘনিষ্ঠতা নহয় সচৰাচৰ, প্ৰেমৰ সংখ্যাও আপোনাৰ বহুত কম । সাধাৰণতে এটি সৰু বৃত্তৰ মাজত আপুনি থাকিবলৈ পছন্দ কৰে । সেয়ে আশে পাশে থকা বহুত লোকে আপোনাক অহংকাৰী বুলি ভাৱি ভুল কৰে । তাতে আপুনি বিচলিত হোৱাৰ কোনো কাৰণ নাই, নিজৰ পছন্দ আৰু ধ্যান ধাৰণাত স্থিৰ হৈ থাকক, অটুট থাকক ।
0 Comments