সৰুৰে পৰা কোনো কাৰণতেই "মুখ লগা" বুলি কোৱা কথাটো বিশ্বাস কৰা নাই৷ সেইবিষয়ে জীৱনত ঘটা অনেক কাহিনী আছে৷ শেহতীয়াটোৰ বিষয়ে কওঁ৷ মোৰ আগচোতালত দুটা নাৰিকলৰ পুলি ৰুইছিলোঁ৷ বেলেগ বেলেগ জাতৰ৷ এটা তিনিবছৰতে বৰ লহপহকৈ বাঢ়িলে৷ যথেষ্ট ডাঙৰ হ’ল৷ মানুহে প্ৰশংসা কৰে৷ এগৰাকী প্ৰতিবেশীয়ে ক’লে, নাৰিকলজোপাত কাৰোবাৰ মুখ লাগিব৷ আপুনি টেকেলি এটাত চূণেৰে মানুহৰ মুখ এখন আঁকি আঁৰি দিয়ক৷ কাষৰ এগৰাকী প্ৰতিৱেশীয়েও হয়ভৰ দিলে৷ মই "ধেৎ মুখ লগা বুলি কি আছে" বুলি কৈ আঁতৰি আহোঁ৷ তেনেকৈয়ে আছে৷ এদিন আন এগৰাকী প্ৰতিৱেশী আহি নাৰিকলজোপাৰ প্ৰশংসা ইমানেই কৰিলে যে মনত মোৰ নিজৰ কৃষি সম্পৰ্কীয় জ্ঞানক লৈ গৰ্ব হ’ল৷(হ’বলা) তৃতীয়দিনা পুৱা ওলাই দেখিলোঁ, নাৰিকলজোপাৰ কোঁহপাতটো মাজতে ভাঙি আছে৷ মই ভাবিলোঁ, বান্দৰে নষ্ট কৰিলে চাগে৷ পিছদিনা লক্ষ্য কৰিলোঁ, তাৰ কাষৰ পাত দুটাও হাউলি পৰিছে৷ মোৰ ঘৰৰ সহায়িকাগৰাকীয়ে ক’লে, এতিয়া মানিব নে আপুনি? তাৰ মুখ লাগিল৷ বহুত মানুহৰ মুখত শাও থাকে৷ ইয়ো তেনে"-- শেষৰ দিনা প্ৰশংসা কৰি যোৱা মানুহজনক উদ্দেশ্যি ক’লে৷ মই তেওঁক ধমক মাৰি মনে মনে থাকিবলৈ কৈ কৃষি বিষয়া এগৰাকীৰ সৈতে কথা পাতি, ভিদিঅ’ কৰি দি পঠিয়ালোঁ৷ তেওঁ ক’লে, আপোনাৰ গছজোপাত মাৰাত্মক ৰোগ অৰ্থাৎ মানুহৰ কৰ্কট ৰোগৰ দৰে ৰোগ হৈছে৷ সোনকালে গুৰিৰে সৈতে উভালি পেলাওক৷ নহ’লে কাষত থকা গছবোৰলৈ এই বেমাৰ বিয়পিব৷ ইয়াৰ কোনো ঔষধ নাই৷ মই লগে লগেই মানুহ লগাই গছজোপা কটালোঁ৷ গোটেই গা গছ অংশ ভিতৰি গেলি মাটিৰ তললৈকে পঁচি গৈছে৷ পিছত আন গছলৈয়ো বিয়পিছিল যদিও, আৰম্ভণিতে ঔষধ দিয়াৰ বাবে বাকীবোৰ বাচিল৷
ঘটনাটো উল্লেখ কৰাৰ কাৰণ হ’ল, সমাজত মাৰাত্মকভাৱে চলি থকা "মুখ লগা" অন্ধবিশ্বাসৰ পৰা যাতে মানুহৰ মন মুকলি হয়৷ "মুখ লগা" বুলি একো নাথাকে৷ মানুহ বা উদ্ভিদৰ নানা ৰোগৰ বিষয়ে অনুধাৱন কৰিব নোৱাৰি "মুখ লগা" বুলি বিশ্বাস কৰি আহিছে৷ কাৰোবাৰ সম্মুখত কেঁচুৱাক আহাৰ খুৱালে যদি অলপ পিছত পেট উখহে বা বমি কৰে; তেতিয়াও মানুহে "মুখ লগা" বুলি কয়৷ আচলতে কেঁচুৱাৰ "এচিদিটি" বা আন পেটৰ ৰোগৰ বাবে এনে হয়৷ সমাজত চলি থকা "ডাইনী" অন্ধবিশ্বাসৰ ই প্ৰাথমিক স্তৰ৷ বহু উচ্চ শিক্ষিত মানুহৰ মনতো "মুখ লগা" কু-ধাৰণাটো সোমাই আছে৷ বৈজ্ঞানিক যুক্তিৰে বিষয়বোৰ ফঁহিয়াই চালে, সমাজৰ পৰা অন্ধবিশ্বাসবোৰ নিশ্চয় নোহোৱা হ’ব; যি এখন প্ৰগতিশীল সমাজৰ বাবে অত্যন্ত জৰুৰী৷
ফেচবুক পৰা সংগৃহীত
0 Comments