সুখী জীৱনৰ বাবে ২৫ টি টিপছ

১. প্রতিদিন অন্তত ৩০ মিনিট খোজ কাঢ়িবলৈ চেষ্টা কৰক৷
২. নির্জন কোনো স্থানত অকলে অন্তত ১০মিনিট সময় ব্যতিত কৰক ও নিজক লৈ ভাবক৷
৩. ঘুম/টোপনিৰ পৰা উঠি প্রকৃতির নির্মল পৰিবেশত থকাৰ চেষ্টা কৰক। গোটেই দিনৰ কৰণীয় বোৰৰ সম্পর্কে মনস্থিৰ কৰক।
৪. নির্ভৰযোগ্য প্রাকৃতিক উপাদানেৰে ঘৰত বনোৱা খাদ্য বেচি খাব আৰু প্রক্রিয়াজাত খাদ্য কম খাব।
৫. সেউজীয়া চাহ আৰু পর্যাপ্ত পানী পান কৰক।
৬. প্রতিদিন অন্তত ৩ জনৰ মুখত হাঁহি ফুটি উঠোৱাৰ চেষ্টা কৰক।
৭. গালি-গোলজ, অতীতৰ স্মৃতি, বাজে চিন্তা কৰি আপোনাৰ মূল্যবান সময় ও শক্তি অপচয় নকৰিব। ভাল কামত সময় ও শক্তি ব্যয় কৰক।
৮. ৰাতিপুৱাৰ নাস্তা ৰজাৰ দৰে, দুপৰীয়াৰ খাদ্য প্রজাৰ দৰে আৰু ৰাতিৰ খাদ্য খাব ভিক্ষুকৰ দৰে।
৯. জীবন সকলো সময়ত সমানে নাযায়, তথাপি ভাল কিছুৰ অপেক্ষা কৰিবলৈ শিকক।
১০. অন্যক ঘৃনা কৰি সময় নষ্ট নকৰিব, জীবন খুব খন্তেকৰ, সকলোকে ক্ষমা কৰি দিয়ক সব কিছুৰ বাবে।  
১১. কঠিন ভাবে কোনো বিষয়ত নাভাবিব। সকলো বিষয়ৰ সহজ সমাধান চিন্তা কৰক।
১২. সব তর্কতেই জিকিব লাগিব বুলি নাভাবিব, তথাপি মতামত হিচাবে মানি ল'ব পাৰে বা মানি নলবও পাৰে।
 ১৩. আপনাৰ অতীতক শান্তভাবে চিন্তা কৰক, ভূলবোৰ শোধৰাই লওক। অতীতৰ বাবে বর্তমানক নষ্ট নকৰিব।
১৪. অইনৰ জীবনৰ লগত নিজৰ জীবনৰ তুলনা নকৰিব। 
১৫. কোনোবাই আপোনাৰ সুখৰ দায়িত্ব লৈ বহি থকা নাই। আপোনাৰ কামেই আপোনাক সুখ আনি দিব। 
১৬. প্রতি ৫ বছৰ মেয়াদী পৰিকল্পনা কৰক আৰু সেই সময়ৰ মাজতেই বাস্তপায়ন কৰক।
১৭. গৰীবক সাহায্য কৰক। দাতা হওক, গ্রহীতা নহয়।
১৮. অন্য লোকে আপোনাক কি ভাবিছে সেয়া লৈ মূৰ ঘমোৱাৰ প্ৰয়োজন নাই আৰু আপুনি আপোনাক কি ভাবিছে সেয়া মুল্যায়ন কৰক ও সঠিক কামটি কৰক।
১৯. কষ্ট পুহি নাৰাখিব। কাৰণ সময়ৰ স্রোতত সকলো কষ্ট ভাঁহি যায় সেয়েহে কষ্টৰ ব্যাপাৰত খোলামেলা অালাপ আলোচনা কৰক ও ঘনিষ্টৰ লগত শেয়াৰ কৰক।
২০. মনত ৰাখিব সময় যিমানেই ভাল বা বেয়া হওক সেয়া বদলি হ'বই।
২১. অসুস্থ হ'লে আপোনাৰ ব্যবসা বা চাকৰী অন্য কোনোবাই দেখাশুনা নকৰে। কৰিব বন্ধু কিংবা নিকটাত্মীয়বোৰে, তেওঁলোকৰ লগত সম্পর্ক বজাই ৰাখক।
২২. ফেইছবুক বহুত সময় নষ্ট কৰে। পোষ্টটি পঢ়োঁতে পঢ়োঁতে বহু সময় নষ্ট কৰিছে। ফেইছবুকত আপোনাৰ সময় নির্দিষ্ট কৰক। কিমান ক্ষণ সময় থাকিব ইয়াত। 
২৩. ৰাতি টোপনি যোৱাৰ আগত আপোনাৰ  জীবনটোৰ বাবে পিতা মাতাক মনে মনে ধন্যবাদ দিয়ক।
 ২৪. মনত ৰাখক জীবনৰ কোন কোন ভুলৰ বাবে আপুনি ক্ষমা পাইছে সেইবোৰ ভুল আৰু যাতে নহয় তাৰ বাবে সতর্ক থাকক।
২৫. আপোনাৰ বন্ধু সকলোক তথ্যবোৰ জনাওক, যাতে তেওঁলোকেও ভাল দিশবোৰ সম্পর্কে জানে আৰু আপোনাক আপোনাৰ মতে চলিবলৈ দিয়ে।  

(ফেচবুকৰ পৰা সংগৃহীত)

Post a Comment

0 Comments