বিশ্ব বিখ্যাত ব্যক্তিত্বৰ অধিকাৰী ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ

তলৰ ছবিখনলৈ মন কৰক |
তেওঁক চিনি পাইছেনে ?
তেওঁ হৈছে বিশ্ব বিখ্যাত ব্যক্তিত্বৰ অধিকাৰী ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ।

তলৰ ছবিখনলৈ ভালদৰে মন কৰিলে দেখা পাব--
তেওঁৰ মূৰৰ টিকনিডাল দেৱালৰ লগত বন্ধা আছে ।
তেওঁ বহা চকীখনৰ হাউলি বহিব পৰা ঠাইখন ভঙা আছে ।
তেওঁৰ টেবুলত অতিৰিক্ত কিতাপৰ স্তুূপ নাই ।
ৰূমটোৰ দুৱাৰ বন্ধ । 

ছবিখনত তেওঁ একান্ত মনোযোগেৰে এখন কিতাপ পঢ়ি আছে । তেওঁৰ বিষয়ে প্ৰচলিত কেইটামান জনশ্ৰুতি এনেধৰণৰ--

⭕ তেওঁ জীৱনত কোনো এখন কিতাপ দুবাৰকৈ পঢ়া 
      নাই ।
⭕ তেওঁ পঢ়াত বহোঁতে টিকনিডাল সদায় বান্ধি ৰাখিছিল
      যাতে বতাহৰ দোলনত তেওঁৰ মনোযোগ ভংগ নহয় 
      আৰু টোপনি আহিব ধৰিলে যাতে সেইটোত টান 
      লাগি টোপনি ভংগ হয় ।
⭕ তেওঁ বহা চকীখনত হাউলি বহিব পৰা কোনো ব্যৱস্থা 
      নাই । তেওঁ নিজে ভাঙি পেলাইছিল । কাৰণ 
      চকীখনত হাউলি বহিলে এলাহভাৱে আগুৰি ধৰিব । 
⭕ তেওঁ কেতিয়াও টেবুলৰ ওপৰত অতিৰিক্ত কিতাপ 
      ৰখা নাছিল । কাৰণ তেওঁ বিচৰা নাছিল যিখন পঢ়ি 
      আছে তাৰ পৰা তেওঁৰ মনোযোগ ভংগ হৈ আন 
      এখন কিতাপলৈ যোৱাটো । 

মুঠতে কথা হৈছে যে সাধনা নকৰাকৈ এই পৃথিৱীৰ কোনো মানুহে বিখ্যাত বা মহান হ'ব নোৱাৰে । মহানতা কাৰো জীৱনলৈ ৰাতিৰ ভিতৰতে অহা বস্তু নহয় । সেয়ে আমি বিভিন্ন মহান মহিষীসকলৰ জীৱনৰ বিষয়ে অধ্যয়ন কৰা উচিত, এনে কৰিলে আমি তেওঁলোকৰ জ্ঞানৰ দ্বাৰা প্ৰভাৱিত হৈ জীৱনৰ বাট বুলিবলৈ বিশেষ অনুপ্ৰেৰণা পাব পাৰোঁ । 

✍️ সংগ্ৰহ

Post a Comment

0 Comments