অসমীয়া মুছলমান সম্প্ৰদায়ৰ বিবাহত প্ৰচলিত নীতি-নিয়ম
June 30, 2021
অসমীয়া মুছলমান সম্প্ৰদায়ৰ বিবাহত প্ৰচলিত নীতি নিয়ম সমূহক লৈ গৰিষ্ঠ সংখ্যকৰেই মনত বিভ্ৰান্তিকৰ ধাৰণা আছে, সেই কাৰণে অসমীয়া মুছলমান সমাজৰ বিবাহৰ নীতি নিয়ম ৰ ওপৰত এক অতি চমু আলোকপাত কৰিব লৈছোঁ।আঙুঠি পিন্ধোৱা বা জোৰন ---ইয়াৰ পৰাই হয় unique অসমীয়া মুছলমান সকলৰ বিবাহ অনুস্থানৰ আৰম্ভ। জোৰনৰ দিনা দৰাৰ ঘৰৰ পৰা সাত বা পাচঁখন কাঁহৰ থালত কেক,থলুৱা পিঠা পনা,বিভিন্ন মিঠাই ও ফলমূলেৰে সজাই কন্যা পক্ষক আগবঢ়োৱা হয়। চাহপৰ্ব শেষ হোৱাৰ পিছত দুয়ো পক্ষৰপৰা তামোলৰ বটা সমাজলৈ আগবঢ়াই কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।তাৰ পিছত দৰাৰ মাকে বোৱাৰীক সোনৰ আঙুঠি পিন্ধাই এক নতুন সম্পৰ্কৰ আৰম্ভণি কৰে।জোৰনত দৰা পক্ষৰ পৰা বিযোৰীয়া সংখ্যা ৰ(৭,৯,১১) কাপোৰ ,প্ৰসাধন সামগ্ৰী ইত্যাদি আগবঢ়াই।প্ৰধান সাজযোৰ হৈছে পাটৰ চাদৰ মেখেলা, আঙুঠি পিন্ধোৱাৰ পাছত পাটৰ সাজযোৰ পিন্ধাই কন্যাক দৰপক্ষৰ লগত চিনাকি কৰাই।চিনাকি হওতে কন্যা ই তামোল পান যাচে।এই চিনাকি পৰ্বত সকলোৱে কন্যাক বিভিন্ন উপহাৰ প্ৰদান কৰে।আজি কালি জোৰনৰ দিনা সন্ধিয়া দৰা বন্ধুবৰ্গৰ সতে কন্যা ঘৰলৈ আহে।পূৰ্বতে অৱশ্যে এই নিয়ম প্ৰচলিত নাছিল।নিকাহৰ এদিন বা দুদিন আগত দৰা ,কন্যা উভয়কে মাহ,হালধি সানি মূৰত তেল দিয়াৰ নিয়ম পালন কৰা হয়।এই নিয়ম ৰ পাছত গা ধুই উঠা দৰা,কন্যা উভয়কে বাথৰুমৰপৰা ভায়েক বা ককায়েকে ডাঙি লৈ আহে।কিছু বছৰৰ আগলৈকে বিয়া নাম ও প্ৰচলিত আছিল ।মোৰ মাই কৈছিল য়ে তেখেতৰ বিয়াত বোলে তেখেতৰ খুড়ীয়েকে বিয়া নাম গাই সকলোৰে চকুলো বাহিৰ কৰি দিছিল।আধুনিকতাৰ পৰশত বিয়ানাম এতিয়া মুছলমান সমাজত লুপ্ত।দৰাৰ অতি ভাল বন্ধু জনক দৰাধৰা বা তামূলী ৰূপে নিৰ্বাচিত কৰা হয়।তামূলীৰ মূল কাম হৈছে কন্যা ঘৰীয়াৰ হাঁহি তামাছাৰ আৰঁত থকা শলঠেকৰ পৰা দৰাক ৰক্ষা কৰা।(দৰাৰ অতি প্ৰিয় হিন্দু সম্প্ৰদায়ৰ বন্ধু ও তামূলী হয়।আমাৰ যোৰহাট ৰ হাচনা বাইৰ ছোৱালী ৰ বিয়াত জোৱাইৰ দৰা ধৰা হৈ আহিছিল জোৱাইৰ অন্তৰংগ হিন্দু সম্প্ৰদায়ৰ বন্ধু জন)জোৰন,নিকাহ,বিবাহৰ অভ্যৰ্থনা অনুস্থান সকলোতে কইনাৰ উপৰিও দৰা কন্যা উভয়ৰে মাতৃ য়ে পাটৰ সাজ পিন্ধে।নিকাহ ৰ দিনা কন্যা ঘৰলৈ অহাৰ পথত দৰা ও তামূলীক আপোন পৰিয়ালৰ ঘৰৰ সমূখত চৰৱত ও মিঠাই খাবলৈ দিয়া হয়।কন্যা ঘৰৰ পদূলিৰপৰা দৰা ক কন্যা ৰ ভায়েকে হাতত ধৰি নি ৰভাৰ তলত বহুৱাই।বৰযাত্ৰী ৰ লগত যোৱা মহিলা সকলকো কন্যা পক্ষৰ মহিলাই আদৰি ৰভা তললৈ আনে।কন্যা পক্ষৰ কনমানিসকলে দৰা,তামূলী উভয়কে চৰৱত,মিঠাই খোৱাই। ইয়াক কোৱা হয় দৰা আদৰা,দৰাই কনমানিসকললৈ উপহাৰ আগবঢ়াই।চাহপৰ্বৰ পাছত ৰাইজক দুয়ো পক্ষৰ পৰা তামোলৰ বটা আগবঢ়াই।ৰাইজে থিক কৰি দিয়া এজন উকীল আৰু দুজন সাক্ষী য়ে গৈ প্ৰথমে কন্যাক আৰু তাৰ পাছত দৰাক নিকাহ ত সন্মতি আছে নাই সুধে।সন্মতি প্ৰদানৰ পিছত দুয়োকে সামাজিক ভাৱে পতি পত্নী ৰ স্বীকৃতি প্ৰদান কৰা হয়।নিকাহৰ পাছত বৰপক্ষৰপৰা চুহুৰা (শুকান খেজূৰ),কাজু,কিচমিচ ভৰাই সৰু সৰু পেকেট বিতৰন কৰা হয়।নিকাহৰ পাছত দৰাপক্ষৰ পৰা কন্যা ক দিয়া গহনা, কাপোৰ আদি দৰা পক্ষৰ মহিলা সকলৰদ্বাৰা কন্যা পক্ষক দেখুওৱা হয়।তাৰ পিছত দৰাঘৰৰ পাটৰ সাজ ও সোনৰ গহনা ৰে কন্যা ৰ সাজসজ্বা কৰা হয়।নিকাহৰ পাছত দৰাই তেওঁৰ বন্ধু বৰ্গৰ সৈতে কৰা ভোজনপৰ্বক দৰাখানা কোৱা হয়।ভোজনৰ পূৰ্বে কন্যা ৰ ভনীয়েকে দৰাক কেক কাটি বলৈ দিয়ে।এইপৰ্বত অলপ হাঁহি ধেমালি চলে।ভোজনৰ পাছত দৰা কন্যা পক্ষৰ লগত চিনাকি হয়।এই পৰ্বক তামোল দিয়া পৰ্ব বুলিও কোৱা হয়।দৰাই দিয়া তামোল গ্ৰহণ কৰি কন্যা পক্ষৰ সদস্য সকলে উপহাৰ আগবঢ়াই।কন্যা ৰ পিতৃয়ে দৰাক কন্যা গতাই দিয়াৰ পাছত কন্যা বিদায় দিয়া হয়।কইনা উলিয়াই দিয়াৰ পাছত কইনাঘৰৰ মুল দৰ্জা বন্ধ কৰি দিয়া হয়,নহলে ঘৰৰ লক্ষী চলি যায় বুলি কথিত আছে।দৰাঘৰৰ প্ৰৱেশদ্বাৰত দৰাৰ ভনীয়েকে কন্যাৰ ভৰি ধুৱাই, তাৰ পিছত কন্যা ই খুচুৰা পইচা লাহেকৈ দলিয়াই দিয়ে,সেই পইচাক আজুৰি আনিবলৈ কনমানিসকলৰ মাজত হেতা ওপৰা লাগে।তাৰ পিছত নকইনাক পাকঘৰলৈ নি হেতা দি চৰু স্পৰ্শ ৰ নিয়ম কৰা হয়।তাৰ পাছত দৰাৰ মাকৰ কোচঁত দুয়ো কে বহলাই প্ৰশ্ন সোধা হয়,"পো গধুৰ নে বোৱাৰী গধুৰ?"দৰাৰ মাকে উত্তৰ দিয়ে "ঘৰে দুৱাৰে বোৱাৰী গধুৰ, বাহিৰত পো গধুৰ"।কন্যা থবলৈ যোৱা মহিলা সকলে কন্যা ক দৰাৰ মাক দেউতাক তথা পৰিয়ালৰ অন্য সদস্য সকলক মান ধৰাত সহায় কৰে।মান ধৰোতে দৰাৰ মাকক পাটৰ মেখেলা চাদৰ উপহাৰ দিয়া নিয়ম যুগ যুগ ধৰি চলি আহিছে।বিবাহ ৰ তিনি বা পাচঁ দিনৰ দিনা ঘৰ উঠা পৰ্ব।এই পৰ্বত দৰা কন্যা উভয়ে কন্যা ঘৰলৈ যায়, দৰাই কন্যা পৰিয়ালৰ সদস্য সকলক মান ধৰি উপহাৰ আগবঢ়াই।কন্যা ৰ মাকক পাটৰ কাপোৰ দি মান ধৰিব লাগে।সেই দিনা কন্যা মাকৰ ঘৰত নাথাকে,উভতি আহে।তাৰ কিছু দিন পাছত ৰান্ধনী লোৱা অনুস্থান, এই পৰ্বত নকইনাই পতিগৃহৰ পাকঘৰৰ দায়িত্ব আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰে।কন্যা পৰিয়ালৰ সদস্য সকলক সিদিনা ভোজভাতৰ নিমন্ত্ৰণ দিয়া হয়।আঠমঙলা হৈছে বিবাহ অনুস্থানৰ অন্তিম পৰ্ব,যত দৰা কন্যাৰ ঘৰলৈ কন্যা সহিতে আহি কিছু দিন থাকি কন্যাৰ সম্পৰ্কীয় বিভিন্ন জনৰ ঘৰলৈ ফুৰিবলৈ যায়। ধৰ্ম আৰু জাতি দুয়োটাই পৃথক পৃথক,ধৰ্ম মুছলমান হলেও অসমীয়া মুছলমান সকল হাড়ে হিমজুৱে অসমীয়া, যুগ যুগ ধৰি পাৰম্পৰিক নীতি নিয়ম সমূহৰ অধিকাংশ ই তেওঁ লোকৰ বিবাহ অনুস্থান ত প্ৰচলিত হৈ আহিছে।কিছু কিছু ক্ষেত্ৰত নতুনত্ব ৰ প্ৰৱেশ ঘটিলেও শিপা ডাল কিন্তু চিঙি যোৱা নাই, এতিয়াও অটুট আছে।
0 Comments