ফুলৰ বতৰত ৰাষ্ট্ৰপতি ভৱনৰ বাকৰিত লহপহকৈ বাঢ়ে ‘ৰাষ্ট্ৰপতি প্ৰণৱ হালধীয়া গোলাপ’

ফুলৰ ৰাণী গোলাপ প্রিয় আছিল সদ্যপ্ৰয়াত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ। তেওঁৰ কাৰ্যকালত ৰাষ্ট্ৰপতিৰ ভৱনৰ মোগল গাৰ্ডেনখনক অন্য এক মাত্ৰাত সজাই পৰাই তোলাত বিশেষ গুৰুত্ব আৰোপ কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। ২০১৭ চনৰ ফেব্ৰুৱাৰীত মোগল গাৰ্ডেনৰ এক নতুন ধৰণৰ গোলাপক ফুল প্ৰণৱ মুখাৰ্জীৰ নামেৰে নামাকৰণ কৰা হৈছিল। আন এক নতুন প্ৰজাতিৰ ফুলৰ নাম ৰখা হৈছিল তেওঁৰ পত্নী শুভ্ৰা মুখাৰ্জীৰ নামেৰে । ‘Presient Pranab Yellow Rose' আৰু ‘Suvra Mukherjee Pink-Purple Rose'-এ প্ৰতি বছৰে সৌন্দৰ্য বৰ্ধন কৰে ৰাষ্ট্ৰপতি ভৱনৰ বাকৰিৰ ফুলনিখনৰ। উল্লেখযোগ্য যে মুখাৰ্জীৰ গৃহৰাজ্য পশ্চিমবংগৰ জাতপুৰৰ পুষ্পাঞ্জলি ৰ’জ নাৰ্ছাৰীয়ে এই  বিশেষ প্ৰজাতিৰ ফুলপাহ উদ্ভাৱন কৰি উলিয়াইছে। Rose Federation of Indiaই এই দুইবিধ ফুলৰ প্ৰজাতিক স্বীকৃতি প্ৰদান কৰিছে।ৰাষ্ট্ৰপতি ভৱনৰ Museum Education Officer পংকজ প্ৰতিম বৰদলৈয়ে মঙলবাৰে News18ক জনোৱা মতে দুটা প্ৰজাতিৰ ফুলৰ উদ্ভিদ বিজ্ঞানৰ অভিনৱ পদ্ধতিৰে সংমিশ্ৰণ ঘটাই এই নতুন ফুলপাহ উদ্ভাৱন কৰা হৈছে। ফুলৰ বতৰত লহপহকৈ ফুলি মোগল গাৰ্ডেনৰ শোভা বঢ়াই এই দুইবিধ গোলাপ ফুলে।বৰদলৈয়ে ৰাষ্ট্ৰপতিগৰাকীৰ বহু কথা ৰোমন্থনো কৰে। তেওঁ কয় – প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ঐতিহ্যমণ্ডিত ৰাষ্ট্ৰপতি ভৱনটো ৰাইজৰ দৰ্শনৰ কাৰণে মুকলি কৰিছিল আৰু ৰাষ্ট্ৰপতি ভৱনৰ সংগ্ৰহালয়টোক ন-ৰূপ দিছিল। মোগল গাৰ্ডেনত বিভিন্ন পৌৰাণিক চৰিত্ৰ আৰু বিখ্যাত ব্যক্তিৰ নামেৰে প্ৰায় ১৪০ ধৰণৰ গোলাপ ফুল আছে। তাৰে ভিতৰত অৰ্জুন, ভীম, আব্ৰাহাম লিংকন, জন এফ কেনেদি, জৱাহৰলাল নেহেৰু আদি অন্যতম।

Post a Comment

0 Comments